গ্ৰন্থখনৰ পাতনিৰে কিছু কথা:

Cover Page: Sajal Santusti Aru Kisu Rachana, Author: Dr. Kumar Partha Pratim, Book title given by: Saumitra Jogee, Book Published by: Kasturi Prakaxaan, Guwahati.

জীৱনটো যেন এক অবিৰত যাত্ৰা৷ এই যাত্ৰাত প্ৰত্যেকদিনেই আমি অগণন যাত্ৰীৰ সংস্পৰ্শত আহোঁ৷ তেখেতসকলৰ লগত কথা পাতোঁ, হাহোঁ, তেখেতসকলৰ আবেগৰ সহভাগী হওঁ, নিজৰ অনুভূতিখিনি বিলাই দিওঁ৷ জীয়াই থকাৰ অনুপ্ৰেৰণা পাওঁ৷ কাৰোবাক আমি সহায় কৰোঁ, কোনোবাই আমাক সহায় কৰে৷ আৰু এনেদৰেই এদিন আমি বিৰামবিহীন এই যাত্ৰাৰ অন্তিম স্তৰত উপনীত হওঁ৷

জীৱনটো হয়তোবা এক সুবিশাল পঢ়াশালি৷ এনে এক পঢ়াশালি, যাৰ পাঠ্যক্ৰমৰ ৰূপৰেখা নিড়ন্তৰ বৃদ্ধি হৈ থাকে৷ বিভিন্ন ক্ষণত আমি নতুন নতুন অভিজ্ঞতাৰ সন্মুখীন হওঁ৷ কোনোবাটো হয়তোবা সুখৰ, কোনোবাটো দুখৰ৷ প্ৰত্যেক অভিজ্ঞতাই আমাক একোটা বা ততোধিক নতুন কথা শিকিবলৈ বাধ্য কৰে৷ জীৱনটোক চলাই নিয়াৰ এক নতুন দৃষ্টিকোণ উপলব্ধি কৰায়৷

নিত্য নৈমিত্তিক প্ৰত্যেকটো দিনেই যেন আমাৰ মাজলৈ নিত্য নতুন বতৰা কঢ়িয়াই লৈ আহে৷ দৈনিক সন্মুখীন হোৱা প্ৰত্যেকটো পৰিঘটনাই আমাক কিছু কথা নতুনকৈ ভাবিবলৈ বাধ্য কৰে ৷ আমাৰ ইন্দ্ৰিয় জাগ্ৰত কৰে৷ এনে কিছু কথা হয়তো আমাৰ দৃষ্টিগোচৰ নহয়, হয়তো আমি অনুধাৱন কৰিবলৈ বাৰুকৈয়ে ব্যৰ্থ হওঁ৷ আৰু কিছু কথা আমাৰ স্মৃতি হৈ পৰে, কোনোবাটো ভাল আৰু কোনোবাটো বেয়া৷ আৰু এনে স্মৃতিবোৰৰ অনুভৱে আমাৰ জীৱনৰ চালিকা শক্তিৰূপে কাম কৰে৷

কোনোগৰাকী অভিভাৱকৰ অপ্ৰয়োজনীয় সন্দেহে যদি সন্তানক মানসিকভাৱে ভাঙি পেলাইছে, আন গৰাকীৰ মৰমৰ অত্যধিক প্ৰশ্ৰয়ে ক’ব নোৱাৰাকৈয়ে সন্তানৰ লগতে আন কাৰোবাৰ জীৱনলৈ কাল অমানিশা নমাই আনিছে৷ এনে কিছু ভুলৰ বাবে মৃত্যু যেন তেনেই সহজ হৈ পৰিছে এতিয়া৷ নিজ সন্তানক লৈ আমি প্ৰত্যেকেই অত্যন্ত আশাবাদী৷ নিজ সন্তানৰ বাবে আমি অহোপুৰুষাৰ্থ কৰিবলৈ সাজু৷ সিহঁতৰ ভালৰ বাবে আমি যিকোনো কষ্ট মুৰ পাতি ল’বলৈ সদা সন্ত্ৰস্ত৷ কিন্তু বেলেগৰ সন্তান এটিক আমি কিমান আপোন কৰি ল’ব পাৰিছোঁ? অনুভৱ কৰিব পাৰিছোনে, সামান্য পাৰিশ্ৰমিকৰ বিনিময়ত আমাক সেৱা আগবঢ়াই থকা কিশোৰ একোটিও আন কাৰোবাৰ সন্তান?

সন্তানৰ সৰু সুৰা কামবোৰৰপৰা আৰম্ভ কৰি বৃহৎ সফলতাবোৰ, এই সকলোৱে আমাৰ হৃদয় আপ্লুত কৰে, আমাৰ আনন্দৰ চকুলো বোৱায়৷ কিন্তু কিয় আমাৰ বহুতেই এই কথা অনুধাৱন কৰিবলৈ ব্যৰ্থ হওঁ যে এসময়ত আমিও কাৰোবাৰ সন্তান আছিলোঁ? আমাৰ বাবে যিকোনো কষ্ট কৰিবলৈ সদাপ্ৰস্তুত, আমাক লৈ এসময়ত সুখৰ সপোন দেখা আমাৰ পিতৃ মাতৃ ঘৰৰ এচুকত এলাগী হৈ পৰি ৰ’ব লগা হয় কি কাৰণে? নিঃস্বাৰ্থভাৱে জীৱনৰ মূল্যৱান সময়বোৰ আমাৰ নামতেই উছৰ্গা  কৰি পেলোৱা সেই পিতৃ মাতৃৰ সুখ দুখৰ কথা ভাবিবলৈ  আমাৰ যে সময়ৰ একেবাৰেই অভাৱ৷ আচৰিত হ’লেও সত্য, আমাৰ কিছুসংখ্যক যে নিজ পিতৃ মাতৃৰ বাবেই আলহী হৈ পৰিছোঁ লাহে লাহে৷

শিশু একোটিৰ লগত সময় অতিবাহিত কৰিবলৈ আমি সকলোৱেই ভাল পাওঁ৷ আমাৰ হিয়া ব্যাকুল হৈ পৰে৷ কিন্তু মানসিকভাৱে বাধাগ্ৰস্ত শিশু একোটিৰ ক্ষেত্ৰত আমি কিয় পিছহুহঁকি আহোঁ? তেনে এগৰাকী মাতৃৰ সজল দুচকুৰ সন্মুখীন হ’ব লগাত পৰিছোনে কেতিয়াবা? আন্তৰিকতা, মৰম, সহানুভূতি, পুতৌ আদিৰ মাজৰ অত্যন্ত ক্ষীণ ৰেখাডাল আমি কিমানে অনুভৱ কৰিব পাৰিছোঁ? অশ্ৰুস্নাত হাঁহিৰ সন্মুখীন হৈ কিমানে বেলেগৰ মৰ্মবেদনা উপলব্ধি কৰিব পাৰিছোঁ? বেলেগৰ দোষ গুণ খুচৰি ফুৰা আমিবোৰৰ কিমানে নিজকে কেতিয়াবা হ’লেও বিশ্লেষণ কৰি চাইছোঁ? নিজৰ অভিপ্সা পূৰণৰ বাবে সন্তানৰ শৈশৱ, কৈশোৰ কাঢ়ি লৈ আমি সিহঁতক একোটা যন্ত্ৰলৈ ৰূপান্তৰ কৰা নাইনে? অত্যাধুনিকতাৰ নামত আমি কিছুমান নকৰিবলগীয়া কাম কৰি নতুন প্ৰজন্মক কি আদৰ্শ দেখুৱাইছোঁ? ছ’ছিয়েল মেডিয়াকে আদি কৰি এখন ধুসৰ পৃথিৱীত অন্যায়ৰ বিপক্ষে মাত মতা আমাৰ মাজৰ কেইজনে প্ৰকৃতাৰ্থত আমাৰ চকুৰ আগত সন্মুখীন হোৱা অবিচাৰৰ মাত মাতিছোঁ? নে আমি চকু মুদা কুলিৰ ভাও ধৰিছোঁ? ল’ৰাই নাকান্দে বুলি সচৰাচৰ প্ৰমাণিত বাক্যশাৰীক ভুল প্ৰমাণিত কৰি পত্নীৰ বাবে চকুলো টোকা সেই পুৰুষজনৰ উচুপনিক আমাৰ কিমানজনে অন্তৰেৰে অনুভৱ কৰি অনুপ্ৰাণিত হৈছোঁ? সফলতা, বিফলতা, প্ৰাপ্তি, অপ্ৰাপ্তি, সুখ, দুখ আদি অতিকৈ আপেক্ষিক বিষয়বোৰক লৈ সদাব্যস্ত আমিবোৰে সৰু সৰু ভাললগা মুহুৰ্তবোৰৰপৰা সুখ বুটলিবলৈ কিয় শিকিব নোৱাৰোঁ? মুখাৰ তলৰ মুখবোৰ আমি কিমানে চিনিব পাৰিছোঁ? কাৰোবাৰ ওপৰত থকা আখেজ পুৰণৰ বাবেই অনাহকতে এগৰাকী ব্যক্তিৰ চৰিত্ৰহনন কৰিবলৈও কুণ্ঠাবোধ নকৰি আমি কিয় নিকৃষ্ট মানদণ্ডৰ পৰিচয় দাঙি ধৰিছোঁ? লাও সদায় পাতৰ তলৰ দৰে নাৰীকো সদায় পুৰুষৰ তল বুলি ভাবি অহা আমাৰ আদিম মানসিকতাৰ কেতিয়া উত্তৰণ ঘটিব?

এই কিতাপখনত সন্নিবিষ্ট লিখনিবোৰত মই তেনে কিছু স্মৃতি ধৰি ৰখাৰ প্ৰয়াস কৰিছোঁ৷ এয়া কোনো সাহিত্য নহয়, সাহিত্য বুলি কোৱাৰ ধৃষ্টতা মই নকৰোঁ৷ প্ৰত্যেকটো লিখনিয়েই বাস্তৱ বা বাস্তৱত কল্পনাৰ ৰহনেৰে একো একোটা জীৱন্ত সত্য৷ জীৱনৰ বাটত উন্মোচিত হোৱা  কিছু শ্লীল, অশ্লীল, প্ৰিয় আৰু অপ্ৰিয় সত্যৰ এক প্ৰতিচ্ছবি এই লিখনিবোৰ৷ বৰ্তমান সমাজ ব্যৱস্থাৰ উচুপনি, হাঁ হুতাশ, হাঁহি, কান্দোন, আনন্দ, হৰ্ষোল্লাস আদিবোৰ লিখনিৰ মাধ্যমেৰে আপোনালোকলৈ আগবঢ়াই দিয়াৰ মোৰ এক ক্ষুদ্ৰ প্ৰয়াস এই কিতাপখন৷

মই এজন সাধাৰণ ব্যক্তি৷ মোৰো বহুতো বদগুণ, বহুতো বেয়া অভ্যাস আছে৷ মই এই কথাত নিশ্চিত যে মই এজন বেয়া ব্যক্তি নহওঁ, কিন্তু এজন ভাল ব্যক্তি বুলি মই নিজকে দাবী কৰিব নোৱাৰোঁ৷ এই লিখনিবোৰ লিখি থাকোতে মোৰ কলম বাৰেপতি থমকি ৰ’বলৈ বাধ্য হৈছে  মই নিজকে প্ৰশ্ন কৰিবলগীয়া হৈছোঁ, মই নিজে আচলতে কি কৰি আছোঁ? আৰু এই আত্মবিশ্লেষণে এই লিখনিবোৰৰ মাধ্যমেৰে মোক এজন ভাল ব্যক্তি হোৱাৰ পথত খোজ ৰখাৰ চেষ্টা কৰিবলৈ বাধ্য কৰিছে৷ কোনো সময়ত মই সফল হৈছোঁ, কোনো সময়ত বিফল, কিন্তু চেষ্টা অব্যাহত আছে৷ কোনোবা সময়ত হয়তো মই চেষ্টা কৰিবলৈও অপাৰগ হৈছোঁ৷  জীৱনটোত আমি বহু কিবা কিবি সফলতা পাব পাৰোঁ, কিন্তু যদি মানুহ হ’ব নোৱাৰোঁ, তেন্তে সেই সকলো অসাৰ৷ ভুল সকলোৱেই কৰোঁ, কিন্তু সেই ভুল শুধৰাই মানুহ হিচাপে থিয় দিব পৰাটোহে মুখ্য কথা৷ আহকচোন, এখন সুন্দৰ সমাজৰ অংশীদাৰ হওঁ আমি সকলো৷

|   ডাঃ কুমাৰ পাৰ্থ প্ৰতিম   |

গুৱাহাটী,
২৬ ডিচেম্বৰ, ২০১৬
ম’বাইল: +৯১-৯৮৫৪২-৮৬৭৮৮
ইমেইল: drkumarparthapratim@gmail.com